Anamika assamese Song
ज़ुबीन गर्ग
হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেওঁ মন নভৰে
হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেওঁ মন নভৰে
বেদনাৰ জ্বলা জুই কেতিবা নুমাব
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
বহু দিনৰে পৰা নিশা জাগি
সাঁচিছো যে তোমালৈ মন মাধুৰী
বহু দিনৰে পৰা নিশা জাগি
সাঁচিছো যে তোমালৈ মন মাধুৰী
উথলি উঠা মৰমে
গোপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঙি
মন কিয় যে নভৰে
কোৱা না অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলৈ আনিলা তুমি আহি
সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলৈ আনিলা তুমি আহি
ক’ত যে দুখৰ ধুমুহা পাৰ হৈ আহি আহি
সেউজীবা এটি ছবি মনৰ কাষতে আঁকি
ৰৈ আছা অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেওঁ মন নভৰে
হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেওঁ মন নভৰে
বেদনাৰ জ্বলা জুই কেতিবা নুমাব
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা
আ…আ…আ…আ….
Written by: Lyrics Licensed & Provided by LyricFind
Create your own version of your favorite music.
Sing now